Show/Hide Keyboard Layout

কাউৰী পৰে

- খগেন মহন্ত

কাউৰী পৰে

কলৰে পাততে কাউৰী পৰে

আগলতী চিত মোৰ লৰে চৰে

দোম দোম ডবাতে কোনে কোব মাৰে ?

আষাঢ়ৰ ডাৱৰৰ আঁৰে আঁৰে

অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে

অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে

এ এ কাউৰী পৰে ...

 

পাখিত লগাই পাখি জাকি মাৰে উৰে বগ

জাকি মাৰি উৰে

উৰণীয়া মন মোৰ বান্ধিব নোৱাৰোঁ

উৰণীয়া মন মোৰ বান্ধিব নোৱাৰোঁ

অ’ অ’ জেউতী তোৰ কাষলৈ উৰা মাৰে

এহে কাউৰি পৰে ...

 

অ’ অ’ অ’ ...

পথাৰত যদিহে উঠিছে ঢল

হেৰুৱাই নিদিবি মনৰে বল

ৰাইজে মাৰিব ওখকৈ ভেটা

ঢলে এৰি যাব পলসৰ এঠা

ৰাইজে মাৰিব ওখকৈ ভেটা

ঢলে এৰি যাব পলসৰ এঠা

বাৰিষা আহিছে ধাৰাসাৰে

মৈ দিয়া বোকাই মোৰ মন কাঢ়ে

বাৰিষা আহিছে ধাৰাসাৰে

মৈ দিয়া বোকাই মোৰ মন কাঢ়ে

কাউৰি পৰে ...

 

চকুৰে নেদেখা দূৰণিতে

আছোহি পিয়নৰ চাকৰিতে

চকুৰে নেদেখা দূৰণিতে

আছোহি পিয়নৰ চাকৰিতে

কোমল ধানৰ কঠীয়া পৰালিনে নাই

বকুল পৰাৰ কোচ ললিনে নাই

মন মোৰ উচ-পিচ কৰে

কাউৰি পৰে ...

 

চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ

পৰৰ চেনেহ কঢ়িয়াওঁ

মোৰহে চেনেহীয়ে কিনো ভাবিছে

তাৰ একো গমকে নাপাওঁ

চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ

পৰৰ চেনেহ কঢ়িয়াওঁ

মোৰহে চেনেহীয়ে কিনো ভাবিছে

তাৰ একো গমকে নাপাওঁ

যোৱাবেলি আঘোণতে

জেউতীৰে কোলাতে

এৰি অহা সৰু পোনাটিৰ

আজি থুনুক-থানাক মাতটি

ঘুনুক-ঘানাক উটি আহে

দেউতা বেগতে আহিবি

আহোঁতে জোনোকা আনিবি

দেউতা বেগতে আহিবি

আহোঁতে জোনোকা আনিবি

অবুজ চকুলো মোৰ সৰে সৰে

অবুজ চকুলো মোৰ সৰে সৰে

কাউৰি পৰে ...

 

জেউতী অ’ ...

পোনাটি অ’ ...

কুশলে ... আছনে ...

চাগে অ’ অ’ অ’ অ’ ...

Hits: 2213